বডোলেণ্ডৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সমীপৰ মানৱসৃষ্ট বন্যভূমি গেথসেমানে যিকোনো লোককে অবাক কৰি দিব পাৰে। ১৭ বছৰ ধৰি গজি উঠা ১৫ লাখ গছৰ এই আচ্ছাদন এই অঞ্চলৰ মুকুটত খচিত ৰত্ন সদৃশ ৷ এতিয়া গেথসেমানৰ পৰা ভৈৰৱকুণ্ডলৈ যাত্ৰা পথত দেখি বিস্মিত হ’ব কেনেকৈ স্থানীয় লোকসকলে ৭৫০ হেক্টৰ অনুৰ্বৰ ভূমিক সেউজ আচ্ছাদনলৈ পৰিৱৰ্তন কৰি পশু আৰু পখীৰ বাসভূমি কৰি তুলিছে। অসমৰ ভৈৰৱকুণ্ড নিজেই এটা অনন্য আকর্ষণ ভূমি। ভূটান আৰু অৰুণাচল প্রদেশে আৱৰি থকা আৰু ভূটানৰ নগৰ ডাইফামৰ সমীপৰ এই অঞ্চল বিখ্যাত ভূটানৰ এলেকাত থকা শিৱ মন্দিৰৰ বাবে। গুৱাহাটীৰ পৰা কৰা যাত্ৰাৰ প্ৰথম আস্থান হ’ব গোৰেশ্বৰ, য’ত দেখা পাব কেনেদৰে কাঠ আৰু ছাগলীৰ চামৰাৰ পৰা দীঘলীয়া কাঠৰ ঢোল আৰু নাগাৰা তৈয়াৰ কৰা হয়। সৰু নগৰ আৰু গাঁৱৰ মাজেৰে গাড়ী চলাই আগবাঢ়ি যাওঁতে ডিমাকুছিৰ ওচৰত ৰৈ মনোমোহা চাহ বাগিচালৈ দৃষ্টি ৰাখি পেকেটত উপলব্ধ ব্রেকফাষ্ট উপভোগ কৰিব পাৰে। যদিহে বড়োলেণ্ডত মঙলবাৰ এটাত উপস্থিত হয় তেন্তে দেখা পাব ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৃহত্তম জাতিগত তথা ভাষাগত সম্প্রদায় বড়োসকলৰ সৰ্বোচ্চ দেৱতা ওবংলাগুৰিৰ প্ৰতীক সিজু গছৰ উপাসনা।



প্রকৃতপক্ষে ওদালগুৰি আৰু কোকৰাঝাৰ হ’ল বড়োলেণ্ডৰ কেন্দ্রস্থল। বড়োলেণ্ড হ’ল এনে এক অঞ্চল যি বিভিন্ন ৰং, ঐতিহ্য, সংগীত, নৃত্য আৰু খাদ্যৰ বৈচিত্ৰ্যৰে সমৃদ্ধ। বিভিন্নধৰণৰ ভেষজ দি ৰন্ধা বড়ো খাদ্যসমূহৰ স্বতন্ত্ৰ গোন্ধ, স্বাদ আৰু তৃপ্তিয়ে যিকোনো লোকৰ স্মৃতি বহুদিন সতেজ কৰি ৰাখিব। মাছ আৰু শুকান মাছটো নিয়মিত খাদ্য, লগতে আছে ওমা বেডোৰ যি হ’ল গাহৰিৰ মাংসক শুকুৱাই, সেকি ভেষজ মিশ্রিত তৰকাৰী হিচাপে ৰন্ধা এবিধ ৰেচিপি। আন এবিধ আকর্ষণীয় খাদ্য হ’ল ৰেচম পলু, যিটো বড়োলেণ্ডত এবিধ উপাদেয় হিচাপে পৰিচিত। মাইব্ৰা জ’ৰ স্বাদ লোৱাৰ পৰাও বঞ্চিত নোহোৱাই ভাল, কিয়নো এই সুস্বাদু পানীয় বিধ হ’ল এবিধ বিশেষ মিঠা আৰু শক্তিশালী চাউলৰ বিয়েৰ। ইয়াক তৈয়াৰ কৰা হয় আঠাযুক্ত চাউল আৰু পচন সামগ্ৰী ৰূপে পৰিগণিত অম’ৰ সংমিশ্ৰণত। শেষত বড়োলেণ্ডত থকা সময়ছোৱাত কেতিয়াও বড়ো মহিলাই ঘৰত তাঁতত বোৱা ৰঙীন দখনা চাবলৈ নাপাহৰিব।




