অসমৰ গ্ৰাম্য অঞ্চলৰ মাজেৰে পথ যাত্ৰা এটা অতি ৰোমাঞ্চকৰ, অভিজ্ঞতা। দৃশ্যপটত এনে সৌন্দর্যই দেখা দিয়ে যাৰ পৰা আপুনি চকু আঁতৰাব নোৱাৰে। তদুপৰি মাজৰ ক্ষণিক জিৰণিবোৰত আপুনি চহকী সংস্কৃতিৰ আভাস ল’ব পাৰে। যাত্রাপথে আপোনাক অফুৰন্ত আনন্দ দিব; যিদৰে গন্তব্য স্থানবোৰেও আনন্দ দিয়ে।
গুৱাহাটীৰ পৰা সেউজ গাঁৱলৈ যোৱা পথ যাত্ৰাটোও তেনেকুৱা এটা। নগাঁও বাইপাছৰ পৰা আঠ কিল’মিটাৰ সোমাই বাওঁফালে ‘ৰণথলী’ গেটখন পাব। ই আপোনাক হাঁহিমুখে আদৰি নিব অসমীয়া গহনাৰ বাবে বিখ্যাত গাঁওখনলৈ। ইয়াত এবাৰ ৰ’লেই দেখা পাব জোনবিৰি, লোকাপাৰ, ঢোলবিৰি আৰু বহুতো কেঁচা সোণেৰে গঢ়া পৰম্পৰাগত অলংকাৰ। ৬০ কিল’মিটাৰ আগুৱাই মিছা পাৰ হোৱাৰ পিছতে পাগৰী-নামঘৰ বিচাৰিব। ইয়াৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাওঁফালে ঘূৰি গৈ ঔগুৰিলৈ যাওক। এই অঞ্চল প্রাকৃতিকভাৱে ৰং কৰা ৰেচমৰ তাঁতশালৰ বাবে জনাজাত । এই বড়ো গাঁৱত আপুনি ব্যস্ত ৰেচম পলু দেখিব, তাঁতশালৰ শব্দ শুনিব আৰু সুন্দৰ আতিথ্যৰ স্বাদ লাভ কৰিব। ইয়াৰ সমাজখন বস্ত্রশিল্পক কেন্দ্ৰ কৰি অহৰ্নিশে ব্যস্ত হৈ থাকে। সন্তুলিত জীৱন- যাপনৰ এক জ্বলন্ত উদাহৰণ ঔগুৰিত আনকি লকডাউনৰ সময়তো জীৱন স্থবিৰ হোৱা নাছিল ৷
ইয়াৰ পিছত ৫০ কিল’মিটাৰ গাড়ী চলাই বালিপাৰা চাৰিআলিলৈ গৈ বিশ্বনাথ চাৰিআলিৰ ফালে ঘূৰি সাত কিল’মিটাৰ মূল পথৰ পৰা ফাটি সৰুপথ এটাৰে আগবাঢ়ক। অতি সোনকালেই, আপুনি সেউজ গাঁৱত উপস্থিত হ’ব। জীয়া ভৰলী নদীৰ পশ্চিম পাৰত অৱস্থিত আৰু ‘প্ৰকৃতিৰ ৰক্ষক’ মিচিং জনগোষ্ঠীৰ বাসভূমি বালিগাঁও মিৰিক ২০১৬ চনত ভাৰতীয় সেউজ বিল্ডিং পৰিষদে ‘সেউজ গাঁও’ হিচাপে ঘোষণা কৰিছিল। ইয়াত আপুনি পাব বায়ুৰ সতেজতা। মহিলাসকলে সৰু তাঁতশালত বেক-ষ্ট্ৰেপৰ সৈতে আটাইতকৈ ৰঙীন কাপোৰবোৰ নিপুণভাৱে বোৱাটো চাই যাব পাৰিব। গাঁওবুঢ়া কামিছন মিলিক প্রশংসা নকৰাকৈ থাকিব নোৱাৰি, যাৰ দৃঢ়তাই গছপুলি ৰোপণ কৰি গাঁওখনৰ পৰিৱেশৰ বাবে এটা আমূল পৰিৱৰ্তনৰ সূচনা কৰিছিল। দঃঞি(সূর্য) আৰু পঃলৰ(চন্দ্ৰ)উপাসক, মিচিংসকল প্ৰকৃতিৰ সৈতে সদায় একাত্ম। যেতিয়া আপুনি পক্ষী নীৰিক্ষণ, নাও চলোৱা আৰু অৰণ্যত স্নান কৰিব তেতিয়াই সেই কথা অনুভৱ কৰিব পাৰিব। হ’ম-ষ্টেত থাকি মিচিং নৃত্য আৰু খাদ্যৰ সৈতে অভিজ্ঞতা সম্পূৰ্ণ কৰক।