অসমৰ কাৰুশিল্প গাঁওবোৰৰ সমৃদ্ধ ভাণ্ডাৰত ৰণথলী সম্ভৱ ‘জুৱেল ইন দ্য ক্রাউন’। সুন্দৰ আৰু চমৎকাৰ অসমীয়া গহনাৰ বাবে বিখ্যাত ৰণথলী মাত্ৰ এটা গতানুগতিক উৎপাদন ক্ষেত্ৰ নহয়, বৰং এইখন এনেকুৱা এখন ঠাই যত শিল্পীসুলভ দক্ষতাৰ পৰম্পৰা আৰু কৌতূহলোদ্দীপক ইতিহাস আছে।
গুৱাহাটীৰ পৰা প্ৰায় ১২০ কিল’মিটাৰ দূৰত, নগাঁও নগৰৰ ওচৰৰ ৰণথলী দক্ষ কাৰুশিল্পীসকলৰ বাসভূমি। তেওঁলোকৰ সুদক্ষ হাতৰ পৰশত প্ৰাণ পাই উঠে অতি চমৎকাৰ মণি-ৰত্নই। সৰু হ’লেও ৰণথলী এখন অতুলনীয় গাঁও। কোৱা হয় যে পুৰণি কালত সোৱণশিৰি নৈত আক্ষৰিক অৰ্থত সোণ বৈ গৈছিল আৰু আহোমৰ শাসনৰ সময়ত সোণ কমোৱাটো (Gold washing) এটা ডাঙৰ বৃত্তি আছিল। সোণ কমোৱা, অৰ্থাৎ বালি ধুই সোণ আহৰণ কৰা কাৰ্য আৰু বহল ব্যৱসায়ৰ ফলত ৰাজ্যখনৰ যথেষ্ট আয় হৈছিল। প্ৰকৃতাৰ্থত এই অঞ্চলত হিমালয়ৰ পৰা বৈ অহা বহু নদীত সোণ আহৰণ কৰা কাৰ্যত ঘাইকৈ জড়িত আছিল সোণোৱাল কছাৰীসকল ।
ৰণথলীৰ অসমীয়া গহনাবোৰ অতুলনীয় আৰু সহজসাধ্য। কাৰুশিল্পীসকলে হাতেৰে বিভিন্ন গহনা তৈয়াৰ কৰে। স্থানীয়ভাৱে পাত সোণ নামেৰে জনাজাত গহনাবোৰৰ নামবোৰো আকৰ্ষণীয় জোনবিৰি, লোকাপাৰ, ঢোলবিৰি ইত্যাদি ।
গুৱাহাটীৰ পৰা কাজিৰঙালৈ যোৱাৰ পথত এদিনীয়া ভ্ৰমণৰ বাবে ৰণথলী মনোৰম লক্ষ্যস্থান। যদি হাতত সময় আছে, তেন্তে চাপৰমুখ আৰু বৰকলাত (সিং গাঁও) এপাক নমৰাকৈ নোৱাৰি। ইতিহাসপ্রসিদ্ধ এই ঠাই দুখনত দুটা শতিকাৰ পৰা অসমীয়া শিখসকলে বাস কৰি আহিছে। তেওঁলোকে পাঞ্জাবী ভাষা নকয় । মান সেনাৰ বিৰুদ্ধে যুঁজাত আহোমসকলক সহায় কৰিবলৈ পঞ্জাৱৰ মহাৰাজ ৰঞ্জিত সিঙে ১৮২২ খ্ৰীষ্টাব্দত পঠিওৱা শিখ সৈন্যসকলৰ বংশধৰ এই অসমীয়া শিখসকল। তেওঁলোক শিখ পৰম্পৰাৰ প্ৰতি এতিয়াও আনুগত্যশীল। গাঁওবোৰৰ চাৰিটা গুৰুদ্বাৰাত শিখসকলৰ পৱিত্ৰ ধৰ্মীয় গ্রন্থ গুৰু গ্ৰন্থ চাহিব আছে। লংগৰৰ পৰম্পৰা এতিয়াও চলি আছে। এই গুৰুদ্বাৰাবোৰ সম্প্ৰীতিৰ নিদৰ্শন। বাৰিষা যেতিয়া ওচৰৰ গাঁওবোৰত বান হয়, তেতিয়া বানপীড়িত লোকসকলক অসমীয়া শিখসকলে বিনামূলীয়া খাদ্যৰ যোগান ধৰে।